Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
গুৱাহাটী প্ৰেছ ক্নাৱত গ্ৰন্থ উন্মোচন

এন.এন ব্যুৰো,২২ ফ্ৰেব্ৰুৱাৰীঃ গ্ৰন্থমেলাৰ পূৰ্বে গ্ৰন্থ প্ৰকাশনৰ জোৱাৰ। একেদিনাই প্ৰেছ ক্নাৱত উন্মোচন হ’ল তিনিখনকৈ কাব্যগ্ৰন্থ। তেজপুৰ আৰ্মি পাব্লিক স্কুলৰ ১১ বছৰীয়া কিশোৰী ইছাহৰ ইংৰাজী কাব্যগ্ৰন্থ “ দ্য ডিপেষ্ট মেলোডী ” ৰ শুভ উন্মোচনৰ লগতে কবি কাবেৰী দাসৰ তৃতীয় কাব্যগ্ৰন্থ “ শৰ বিদ্ধ কলিজা “ৰ শুভ উন্মোচন হয়। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অতিথি ড০ ৰুপা পাটৰ। ইফালে ড০ হীৰেন গোঁহাইৰ উপস্থিতিত আবেদুৰ ৰহমানৰ “ লাঙি জালত মাছ লাগিছে মাছ” শীৰ্ষক কাব্যগ্ৰন্থৰো শুভ উন্মোচন কৰা হয়।