Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
গুৱাহাটী প্ৰেছ ক্লাৱৰ উল্লেখনীয় পদক্ষেপ৷
দুৰ্গোৎসৱৰ পবিত্ৰক্ষণত গুৱাহাটী প্ৰেছ ক্লাবৰ এক গুৰুত্বপূৰ্ণ তথা অনবদ্য পদক্ষেপ। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্য সাংবাদিকৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত। মহানগৰীৰ ১১খন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনামূল্যে অধ্যয়নৰ সুবিধা লাভ কৰিব প্ৰেছ ক্লাবৰ সদস্যৰ শিশুৱে। কৰ্তব্যৰত অৱস্থাত জটিল ৰোগত আক্ৰান্তহৈ মৃত্যু, স্বাস্থ্যজনিত কাৰণত আৰ্থিক দীনতাত ভোগা তথা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈ পৰিয়াল পোহপালত অসুবিধাৰ সন্মুখীন হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্যৰ সন্তানে লাভ কৰিব এই সুবিধা।
আনহাতে আজিৰে পৰা গুৱাহাটী প্ৰেছ ক্লাবৰ অফিচিয়েল ৱেবচাইট http://www.gauhatipressclub.com মুকলি কৰা হল। অধিক তথ্যৰ বাবে আমাৰ ৱেবছাইট পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনালোঁ। তলত আমাক সহযোগিতা কৰা বিদ্যালয় সমূহৰ নাম উল্লেখ কৰা হল-
১. অসম জাতীয় বিদ্যালয়
২. ৰয়েল গ্ল’বেল স্কুল
৩. মাৰিয়াছ পাব্লিক স্কুল
৪. ছাউথ পইণ্ট স্কুল
৫. ইন্টাৰনেশ্যনেল স্কুল, গুৱাহাটী
৬. গুৰুনানক হাইস্কুল
৭. চেইণ্ট বিবেকানন্দ ইংলিছ একাডেমি
৮. হেপি মন্টেছৰী হাইস্কুল
৯. গুৱাহাটী পাব্লিক স্কুল
১০. চোভিনীয়েৰ ছেকেণ্ডাৰী স্কুল
১১. মডাৰ্ণ ইংলিছ হাইস্কুল