The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
গুৱাহাটী প্ৰেছ ক্লাৱৰ নতুন সমিতিৰ কাৰ্যভাৰ গ্ৰহণ
এন.এন ব্যুৰো, ১৫ মাৰ্চঃ সদ্যঅনুষ্ঠিত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকলে আজি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। শপত বাক্য পাঠ কৰায় আসাম ট্ৰিবিউনৰ কাৰ্যবাহী সম্পাদক পি.জে বৰুৱাই। গুৱাহাটী প্ৰেছ ক্লাৱত হোৱা অনুষ্ঠানটিত সভাপতি পদত জয়ী হোৱা মনোজ নাথ, উপ-সভাপতি পদত ধনীৰাম কলিতা, উপ-সভাপতি(মহিলাৰ বাবে সংৰক্ষিত)পদত মৌচুমী শৰ্মা বৰুৱা, সাধাৰণ সম্পাদকৰ পদত সঞ্জয় ৰয়, সহকাৰী সাধাৰণ সম্পাদকৰ পদত মনীন্দ্ৰ ডেকা, সহকাৰী সাধাৰণ সম্পাদক(মহিলাৰ বাবে সংৰক্ষিত) পদত মনীষা কলিতা, সংগঠনিক সম্পাদকৰ পদত ৰাজু বৰুৱা, কোষাধ্যক্ষৰ পদত নয়ন প্ৰতীম কুমাৰ, সাংস্কৃতিক সম্পাদকৰ পদত পল্লবী বৰা আৰু ক্ৰীড়া সম্পাদকৰ পদত ধীৰাজ হাজৰিকাই শপত বাক্য পাঠ কৰি দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ আন্তঃগাঁথনি তথা সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত নব নিৰ্বাচিত সমিটিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।