Air pollution levels that significantly dropped in Türkiye’s most populated city during the COVID-19 outbreak…
গ্লুকলৈ সাহিত্যৰ নোবেল
ৰয়েল চুইডিছ একাডেমিয়ে ২০২০ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰে লুইচ গ্লুকলৈ। ১৯৪৩ চনত নিউয়ৰ্কৰ লং আইলেণ্ডত জন্ম গ্ৰহণ কৰা গ্লুকৰ ইতিমধ্যে ১২ খন কাব্যগ্ৰন্থ আৰু ভালেসংখ্যক সাহিত্য বিষয়ক প্ৰবন্ধ প্ৰকাশ পাইছে। তেওঁৰ প্ৰথম কাব্য সংকলন ‘ফাষ্টবৰ্ন’ ১৯৬৮ চনত প্ৰকাশ পাইছিল। প্ৰতিখন কাব্যগ্ৰন্থই পাঠকৰ মাজত সমানে জনপ্ৰিয়। কাব্যজগতত আগবঢ়োৱা অভূতপূৰ্ব বৰঙনিৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। ইতিমধ্যে ১৯৯৩ চনত পুলিৎজাৰ আৰু ২০০৩-২০০৪ চনত ইউ এছ পয়েট লৰিয়েটৰে গ্লুক বিভূষিত হৈছিল। জীৱনৰ ঘাট প্ৰতিঘাত, নিসংগতা আদিৰ লগতে প্ৰকৃতি প্ৰেমো গ্লুকৰ কবিতাত দেখা যায়।