The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
ঘাইপথত অঘটনঃকলা ছাঁইত পৰিণত হ’ল কলা হীৰাৰ ট্ৰাক
এন.এন ব্যুৰো, ১৫ মাৰ্চতঃ তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি থকা কয়লা ভৰ্তি ট্ৰাক এখন যোৰাবাট আৰক্ষী চকীৰ অন্তৰ্গত গনেশ মন্দিৰ নেপালী বস্তিৰ সমীপত ৰবিবাৰে ৩৭ নং ঘাইপথত দুৰ্ঘটনা গ্ৰস্ত হয়। AS-01HC-5312 নম্বৰৰ ট্ৰাকৰ চালক জনে নিয়ন্ত্ৰন হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে আৰু ফলত ট্ৰাকখনৰ তেলৰ টেংকিত জুই লাগি যায়।ঘটনাৰ খবৰ পাই যোৰাবাট আৰক্ষী চকীৰ এটা দলৰ লগত যান-বাহন আৰক্ষীৰ এটা দল ঘটনাস্হলিত উপস্হিত হয়। সোণাপুৰ আৰু দিছপুৰৰ পৰা অহা দুটা অগ্নি নিৰ্বাপক বাহিনীৰ দলে কয়লা ভৰ্তি ট্ৰাকখনৰ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও ট্ৰাকখন সম্পুৰ্ণভাবে জ্বলি যায়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ট্ৰাক চালক আৰু হেণ্ডিমেন জন ঘটনাস্হলীৰ পৰা পলাই যায়।