Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
ঘাতক ৰাজপথঃ মহানগৰীত দুৰ্ঘটনাত নিহত দুই যুৱক
এন.এন ব্যুৰো, ১৬ মাৰ্চঃ গুৱাহাটী মহানগৰীৰ পল্টনবজাৰত দেওবাৰে শেষ নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মটৰচাইকেলেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা এখন পানী টেংকাৰে খুন্দিওৱাৰ ফলত নিহত হয় দুজনকৈ সুঠাম যুৱক। নিহত ধ্ৰুৱ কলিতা আৰু নিলোৎপল নাথ নামৰ যুৱক দুজনৰ ঘৰ গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰীত বুলি জানিব পৰা গৈছে। একেলগে দুজনকৈ যুৱকৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী।