The Assam government on Thursday announced its decision to extend the territory of the Bodoland…
চকাবন্ধক অবৈধ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল
ৰাজ্যত একাংশ সংগঠনে দাবী পূৰণৰ বাবে চকাবন্ধৰ আহ্বান দি দৈনন্দিন জীৱনত সৃষ্টি কৰি অহা বাধাৰ বাবে সাধাৰণ জনতাই দুর্ভোগ ভুগিব লগা হৈ আহিছে৷ এনে চকাবন্ধক অবৈধ কৰাৰ বাবে অধিবক্তা ইন্দ্রনীল কলিতা আৰু দীক্ষিত গগৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬০/২০২০ নং যোগে ৰাজহুৱা স্বার্থজড়িত এক আবেদন দাখিল কৰিছিল৷ বুধবাৰে উচ্চ ন্যায়ালয়ে আবেদনখনৰ শুনানি গ্রহণ কৰি চৰকাৰক চকাবন্ধৰ দৰে প্রতিবাদী কার্যসূচী বন্ধ কৰাৰ বাবে আইনগত সকলো ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে৷ আবেদনকাৰীৰ হৈ অধিবক্তা পি এন গোস্বামী আৰু পৰিবহণ বিভাগৰ হৈ যুক্তি প্রদর্শন কৰে ময়ূৰী দত্তই৷