At least two persons lost their lives and 5 others were seriously injured in a…
চকুলো টুকি সংবাদ মেল টেট উত্তীৰ্ণ শিক্ষকৰ
চকুলো টুকি গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মেল টেট উত্তীৰ্ণ শিক্ষকৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা দি , কথা নাৰাখিলে ৬৬৭ গৰাকী শিক্ষকৰ বলিপঠা হল ইউনিক আই ডি প্ৰাপ্ত বিশেষ টেট উত্তীৰ্ণ শিক্ষক।২০০৩ চনৰ পৰাই সৰ্বশিক্ষা অভিযান মিছনৰ যোগেদি শিক্ষক হিচাপে সেৱা আগবঢ়াই আহিছিল ১৪৫৭৫ গৰাকীয়ে।কিন্তু কোনো চৰকাৰে গুৰুত্ব নিদিলে সেই সকল শিক্ষকক।২০২১ চনৰ ৩ অক্টোবৰত অসম চৰকাৰ দ্বাৰা অনুষ্ঠিত হৈছিল টেট পৰীক্ষা।১৪,৫৭৫ গৰাকী শিক্ষকৰ ভিতৰত উত্তীৰ্ণ হল ৬৬৭ গৰাকী শিক্ষক।পূৰ্বে তেওঁ লোকক টেট উত্তীৰ্ণ হলেই চাকৰিত নিযুক্তি দিয়া কথাৰ আছিল যদিও বৰ্তমান নিযুক্তি দিয়া নাই চৰকাৰে।বৰ্তমান অন্ধকাৰ দিশত ৬৬৭ টা পৰিয়াল।শীৰ্ঘ্ৰেই চৰকাৰক তেওঁলোকক নিযুক্তি দিবলৈ আহবান।