The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
চাহ বাগিচাত ১১৯ খন আদৰ্শ হাইস্কুল
স্বাধীনতাৰ পিছত দেশত প্ৰথমবাৰৰ বাবে চাহ বাগিচা অঞ্চলত আৰম্ভ হ’ল হাইস্কুলৰ শিক্ষা ব্যৱস্থা। ৰবিবাৰে ১১৯ খন আদৰ্শ হাইস্কুলৰ মাংগলিক শুভাৰম্ভ কৰা হয়। তেজপুৰৰ ঘগৰা চাহ বাগিচাত মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু নাজিৰাৰ চাহ বাগিচাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই কাৰ্যৰ শুভাৰম্ভনি কৰে। মন্ত্ৰী ড’ শৰ্মাই ঘোষণা কৰে যে ২০২২ চনৰ ভিতৰত উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা হ’ব এই বিদ্যালয় সমূহ।