Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
চাৰিটাকৈ লাভজনক প্ৰতিস্থান বিক্ৰী কৰিবলৈ সাজু চৰকাৰ
দেশৰ লাভজনক ৰাষ্ট্ৰায়াত্ব খণ্ডৰ চাৰিটাকৈ প্ৰতিষ্ঠান বিক্ৰী কৰিব কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে। লাভজনক এই উদ্যোগ প্ৰতিষ্ঠানসমূহ হ’ল ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড চমুকৈ বিপিচিএল, শ্বিপিং কৰ্পোৰেচন অৱ ইণ্ডিয়া, কণ্টেনাৰ কৰ্পোৰেচন আৰু বিইএমএল। ৰাষ্ট্ৰায়াত্ব প্ৰতিষ্ঠান নিলামৰ যোগেদি দেশৰ আৰ্থিক মন্দাৱস্থা দূৰ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে বৰ্তমানৰ চৰকাৰে। উল্লেখিত প্ৰতিষ্ঠানসমূহ বিলগ্নিকৰণৰ জৰিয়তে কমেও ৪৯ হাজাৰ কোটি টকা ৰাজভঁৰাললৈ আহিব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় খণ্ডৰ বিমান পৰিবহন সংস্থা এয়াৰ ইণ্ডিয়াৰ নিলাম কৰা হ’ব। শীঘ্ৰেই এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত গঠিত মন্ত্ৰীগোটে। এয়াৰ ইণ্ডিয়া নিলামৰ বাবে ডিচেম্বৰৰ মাজভাগত প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ ব্যৱসায়ীসকলৰ পৰা নিবিদা আহ্বান কৰিব পাৰে চৰকাৰে।