Assam Chief Minister Himanta Biswa Sarma today said he has spoken to megastar Shah Rukh…
চিৰ যৌৱনা ৰেখাৰ ৬৬ সংখ্যক জন্মদিন
হিন্দী ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী ৰেখাৰ আজি ৬৬ সংখ্যক ওপজাদিন। ১৯৫৪ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা ৰেখাই এতিয়ালৈ ১৮০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। অভিনেতা যামিনী গানেচন আৰু পুষ্পাৱলীৰ জীয়ৰী ভানুৰেখা গানেচন ছবিজগতত ৰেখা নামেৰেই বহুল ভাৱে সমাদৃত। ITNI GUTTI নামৰ তেলেগু ছবিত ৰেখাই শিশুশিল্পীৰে অভিনয় জগতত খোজ পেলাইছিল। Khubsoorat নামৰ ব্যংগ ছবিৰ বাবে ৰেখাই ১৯৮০ চনত লাভ কৰিছিল Filmfare Award for Best Actress, Umrao jaan ছবিৰ বাবে ১৯৮১ চনত আগবঢ়োৱা হৈছিল National Film Award for Best Actress ।২০১০ চনত তেওঁলৈ আগবঢ়োৱা হৈছিল পদ্মশ্ৰী সন্মান। ১৯৯০ চনত মুকেশ আগৰৱালৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ কিছুদিন পিছতেই আগৰৱালে আত্মহত্যা কৰে। কিন্তু এতিয়াও ৰেখাৰ শিৰৰ সেন্দুৰক লৈ বহুজনৰ মাজত প্ৰতিক্ৰিয়া দেখা যায়।