The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
চৰকাৰী কৰ্মচাৰীৰ কাম নাই, সেয়ে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীক এতিয়া চিনেমা চাবলৈ দিছে:অপূৰ্ব ভট্টাচাৰ্য্য।
মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যৰ প্ৰতিক্ৰিয়া।ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বাবে এতিয়া ৰান্ধনীয়ে পাকঘৰত তলা মাৰিব লগীয়া পৰিবেশ হৈছে।দেশবাসীক কাশ্মীৰ ফাইলছ দেখুৱাই আবেগিক কৰি এতিয়া পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধি কৰিছে চৰকাৰে।বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৩০ ইউনিতকৈ বিজুলী বিনামূলীয়াকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া বিনামূলীয়া বিদ্যুৎ দিয়াৰ পৰিবৰ্তে প্ৰতি ইউনিতত দাম বৃদ্ধি কৰিলে।ৰোম জ্বলি থকাৰ সময়ত সম্ৰাট নিৰোৱে বেহেলা বজাই থকাৰ দৰে মূল্যবৃদ্ধিৰ সময়ত মুখ্যমন্ত্ৰী ব্যস্ত চিনেমা চোৱাত ।মুখ্যমন্ত্ৰীয়ে গমেই নাপায় চাগে বজাৰত নেমুৰ যোৰা ৩০ টকা হ’ল।বৰ্তমান চৰকাৰ ১লাখ কোটি টকা ধাৰত ডুব গৈছে।চৰকাৰী কৰ্মচাৰীৰ এতিয়া কৰিবৰ বাবে কাম নাই, সেয়ে মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীক এতিয়া চিনেমা চাবলৈ দিছে।বিজেপিয়ে কংগ্ৰেছৰ সভাপতিক সমালোচনা কৰাৰ যুক্তি নাই।কাৰণ বিজেপিয়ে নিৰ্বাচনত হৰা মানুহক উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পাতিছে:অপূৰ্ব ভট্টাচাৰ্য্য।