The carcass of a one-horned rhinoceros, allegedly killed by poachers, was detected by the forest…
চৰকাৰৰ বিৰুদ্ধে সৰৱ দুৰ্নীতি বিৰোধী যুৱ-শক্তি
এন.এন ব্যুৰো, ৪ মাৰ্চঃ আজি দিছপুৰ প্ৰেছ ক্লাবত দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমে এক সংবাদমেল আয়োজন কৰি কেতবোৰ বিষয়ত নিজৰ মন্তব্য আগঢ়ায়। গহপুৰত কেইদিনমান আগতে দুৰ্বৃত্তৰ কবলত পৰি ধৰ্ষিতা হৈ মৃত্যুক আকোৱালি লোৱা কিশোৰীগৰাকীৰ বিষয়টো আজিলৈকে বিধানসভাৰ মজিয়াত উত্থাপন নোহোৱা কথাটোক লৈ তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে। বৰ্তমানৰ চৰকাৰখনক তীব্ৰ সমালোচনা কৰি চৰকাৰৰ মন্ত্ৰী-পৰিষদে কেৱল গো-মুত্ৰ, গোবৰ আদিতেই লাগি আছে বুলিও তেওঁলোকে কয়। ইয়াৰ লগতে চৰকাৰখনে দেশৰ তথা ৰাজ্যৰ সমস্যাসমূহ সমাধানৰ পৰা বিৰত থাকি জাতি-ধৰ্মৰ নামত বাদ-বিবাদ কৰি থকাহে পৰিলক্ষিত হৈছে বুলি তেওঁলোকে মন্তব্য কৰে।