Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
ছদিনৰ বাবে চি আই ডিৰ জিম্মালৈ দ্বিবন ডেকা
আৰক্ষী উপ-পৰিদৰ্শক পদত নিযুক্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগত মহানগৰ আৰক্ষী অপৰাধ কোষ থানাত ৰুজু হৈ থকা ১৩/২০২০ নম্বৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দ্বিবন ডেকাৰ পাচঁদিনীয়া জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছতে আজি আদালতত হাজিৰ কৰায় আৰক্ষীয়ে।
প্ৰশ্নকাকত ফাদিল সম্পৰ্কত চি আই ডি থানাত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ গোচৰৰো অন্যতম অভিযুক্ত বিজেপি নেতাজন।
ইয়াৰ ভিত্তিতে সংশ্লিষ্ট গোচৰত জেৰাৰ বাবে বিজেপি নেতাজনক জিম্মাত বিচাৰি আদালতৰ দ্বাৰস্থ হয় চিআইডি।
পি কে দত্তৰে সৃষ্টি হোৱা সংঘাতৰ পাছতে মেচাৰ্চ অক্ষয় টেলি কমিউনিকেছন প্ৰাইভেট লিমিটেডৰ সঞ্চালক গৌতম মেছৰ জৰিয়তে ফাদিল হোৱা প্ৰশ্নকাকত নিযুক্তি বোৰ্ডৰ পদত্যাগী অধ্যক্ষ প্ৰদীপ কুমাৰলৈ প্ৰেৰণ কৰে ধৃত ডেকাই।
পাছত প্ৰদীপ কুমাৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু কৰা ২১/২০২০ নম্বৰ গোচৰতে চি আই ডিয়ে জিম্মাত বিচাৰিছে দ্বিবনক।
এজাহাৰ দাখিলৰ সময়ত গৌতম মেছৰ লগতে দ্বিবন ডেকায়ো সংগ দিছিল প্ৰদীপ কুমাৰক।
পাছত সমগ্ৰ ঘটনাত নাম সাঙোৰ খাই পৰাৰ পাছৰে পৰা আত্মগোপন কৰা দ্বিবনে যোৱা ২৯ ছেপ্তম্বৰৰ নিশা জালত পৰে আৰক্ষীৰ।