The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
ছাত্ৰীনিবাসৰ শৌচালয়ত মবাইল কেমেৰাঃ উত্তপ্ত বৰাক
এন.এন ব্যুৰো,২৮ ফ্ৰেব্ৰুৱাৰীঃ বৃহস্পতিবাৰে উদাৰবন্দৰ ডায়েট ছাত্ৰীনিবাস শৌচালয়ত দুই যুৱকে মবাইল কেমেৰাৰে ফটো তোলাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰু আজি ছাত্ৰীসকলে শ্ৰেনীকোঠা বৰ্জন কৰি চৌহদতে অৱস্থান ধৰ্মঘট কায্যসূচী হাতত লয়। আমি ন্যায় বিচাৰো, আমাৰ অধিকাৰ আমাক দিয়ক এনে কিছু শ্লগানেৰে ডি.এল.এড ৰ ছাত্ৰীসকলে শিক্ষানুষ্ঠানৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে স্বস্ছ ভাৰতৰ কথা কলেও আজিলৈকে ছাত্ৰীসকলৰ শৌচালয়ত নূন্যতম সুবিধা খিনি দিব নোৱাৰাত উত্তেজিত হৈ উঠে ছাত্ৰীসকল। ছাত্ৰীসকলৰ মতে দুগৰ্ন্ধৰ বাহিৰে চৌহদৰ শৌচালয়ত এটুপি পানীও পোৱা নাযায়। তেনেক্ষেত্ৰত স্বস্ছ ভাৰতৰ শিক্ষা দিয়ে কৰ্তৃপক্ষই। আৰক্ষীয়ে ইতিমধ্যেই আটক কৰিছে ধৃত দুই যুৱকক।