Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
ছোৱালীৰ বিয়াৰ নূন্যতম বয়স – প্ৰধানমন্ত্ৰী মোদী
শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে চৰকাৰে অতি শীঘ্ৰে ছোৱালীৰ বিবাহৰ নূন্যতম বয়স নিৰ্ধাৰণ কৰিব। তেওঁ প্ৰকাশ কৰে যে যোৱা ৬ বছৰত তেওঁলোকে ছোৱালীৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দেশত প্ৰথম বাৰৰ বাবে সাক্ষৰতাৰ হাৰ ল’ৰাতকৈ ছোৱালীৰ বেছি হৈছে।প্ৰধান মন্ত্ৰী মোদীৰ মতে ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স নিৰ্ধাৰণ কৰাৰ বাবে এয়া গুৰুত্বপূৰ্ণ সময়। ইয়াৰ বাবে চৰকাৰে কমিটিও গঠন কৰিব যাতে কোনো ধৰণৰ বিঘিনি নঘটে। বৰ্তমান ছোৱালীৰ ১৮ আৰু ল’ৰাৰ ২১ বিবাহৰ বাবে আমাৰ দেশত নূন্যতম সময়। ইতিমধ্যে গোটেই দেশত ১১ কোটি চেনিটেৰী লেটিন আৰু এটকাত চেনিটেৰী পেডৰ যোগান ধৰা বুলি প্ৰধান মন্ত্ৰী গৰাকীয়েউল্লেখ কৰে।
আনহাতে Food and Agriculture Organisation (FAO) ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ টকীয়া মুদ্ৰা ভিডিঅ’ কনফাৰেঞ্চ যোগে মুকলি কৰে।