A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধীতা জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ
এন.এন ব্যুৰো,২৮ ফ্ৰেব্ৰুৱাৰীঃ জনজাতিকৰণৰ ক্ষেত্ৰত চৰ্চাত থকা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধীতা কৰিছে অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে। উল্লেখ্য যে আজি গুৱাহাটিৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিকা সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত সমিতিৰ আহ্বানত এখন বিশেষ জনজাতীয় অভিবৰ্তন অনুষ্ঠিত হয়। এই অভিবৰ্তনে অসমৰ জনজাতিসকলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিস্তৃতভাৱে আলোচনা কৰে। আলোচনাৰ শেষত ১০ দফীয়া এক দাবী চনদো প্ৰকাশ কৰা হয়।