Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
জনতাৰ বাবে মুকলি হ’ল ১০০ টকীয়া স্মৃতি মুদ্ৰা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভাৰ্চুৱেল কাৰ্যসূচীৰ যোগেদি দেশত ১০০ টকীয়া স্মৃতি মুদ্ৰা মুকলি কৰে। গোৱালিয়ৰৰ ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম শতাব্দী উপলক্ষে আজি মুকলি কৰা এই ১০০ টকীয়া স্মৃতি মুদ্ৰা ৰাজমাতাগৰাকীৰ সন্মানাৰ্থে মুকলি কৰা হৈছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে আয়োজিত অনুষ্ঠানত সিন্ধিয়া পৰিয়ালৰ সদস্যসকলৰ উপৰি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা ৰাজ্যপালসকলে ভাগ লয়। অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী প্ৰহ্লাদ পেটেলে কয় যে লোকতান্ত্ৰিক মূল্যবোধৰ এগৰাকী সংৰক্ষক হিচাপে বিজয়া ৰাজে সিন্ধিয়া অনন্য ব্য়ক্তিত্বৰ প্ৰতিভূ আছিল।
উল্লেখ্য ১৯১৯ চনৰ ১২ অক্টোবৰত জন্মগ্ৰহণ কৰা বিজয়া ৰাজে সিন্ধিয়া বিজেপিৰ সংস্থাপক সদস্যৰ অন্যতম আছিল। জনসংঘৰ নেত্ৰী ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়া ৰাজস্থানৰ পূৰ্বৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী য়শোধৰা ৰাজে সিন্ধিয়াৰ মাতৃ আছিল। বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াও বিজয়া ৰাজে সিন্ধিয়াৰ পুত্ৰ তথা জনপ্ৰিয় কংগ্ৰেছ নেতা মাধৱ ৰাও সিন্ধিয়াৰ পুত্ৰ।
আনহাতে দেশত আজি জাৰি কৰা ১০০টকীয়া মুদ্ৰাৰ এটা ফালে ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়াৰ ফটো আছে। ওপৰত হিন্দীত ‘শ্ৰীমতী বিজয়া ৰাজে সিন্ধিয়াৰ জন্ম শতাব্দী’ বুলি লিখা আছে। মুদ্ৰাৰ আনটো ফালে হিন্দী আৰু ইংৰাজী ভাষাত ভাৰত লিখাৰ লগতে অশোক স্তম্ভ আছে।