The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
জনতা কাৰ্ফিউলৈ পূৰ্ণ সমৰ্থন দেশবাসীৰ
এন.এন.ব্যুৰো, ২২ মাৰ্চ: প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে আজি পুৱা ৮ বজাৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গ’ল দোকান পোহাৰ বন্ধ ৰখা। ৰাজপথতো দেখা ন’গল কোনো ধৰণৰ যান বাহন। উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ আহ্বানক সন্মান জনাই সকলো লোকে জনতা কাৰ্ফিউত অংশগ্ৰহণ কৰি নিজকে গৃহবন্দি কৰি ৰখা দেখা গ’ল। জনশূণ্য পৰিবেশত সকলোৱে মিলি ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ নিজকে গৃহবন্দী কৰি ৰাখি জনতা কাৰ্ফিউক সাফল্যমণ্ডিত কৰিলে আৰু প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মেই সন্ধ্যা ৫ বজাত চিকিৎসাকৰ্মী, আৰক্ষী, সংবাদকৰ্মী সকলক সন্মান জনাই ডবা,শংখ, হাতচাপৰিৰে মুখৰিত কৰি তুলিলে।