Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
জল জীৱন অভিযান উদ্যোগত গোৱাৰ গ্ৰাম্যাঞ্চলত পানী সংযোগ
ভাৰতত প্ৰথমবাৰৰ বাবে গোৱাত জল জীৱন অভিযানৰ উদ্যোগত গ্ৰাম্যাঞ্চলত পানী সংযোগ হ’ল। পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু গোৱাত জল জীৱন অভিযানৰ উদ্যোগত ৰূপায়ন কৰা হ’ল ‘প্ৰতিঘৰতে পানী’ আঁচনি। ২০২৪ চনত ভিতৰত পাইপৰ জৰিয়তে প্ৰতিঘৰতে পানী যোগান ধৰিবলৈ জল জীৱন অভিযানে সিদ্ধান্ত গ্ৰহণ কৰিছে। জলশক্তি উন্নয়ন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে কৈছে যে চৰকাৰৰ বাবে প্ৰতিঘৰ মানুহক পানী যোগান ধৰা এক বিশেষ কৰ্তব্য। তেওঁ আশা কৰে যে আন ৰাজ্যসমূহেও গোৱাক আদৰ্শ হিচাপে লওঁক। ভাৰতৰ ভিতৰত প্ৰথমতেই গোৱাই এই অভিযানৰ জৰিয়তে ২.৩০ লাখ গোৱাৰ গ্ৰামাঞ্চলৰ পৰিয়ালত পানী সংযোগ কৰা বিষয়টোৱে এক বিশেষ ভুমিকা পালন কৰিব বুলি জলশক্তি উন্নয়ন মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। ইয়াৰ ভিতৰত ১.৬৫ লাখ গ্ৰামাঞ্চলৰ পৰিয়াল উত্তৰ গোৱাৰ আৰু ৯৮,০০০ গ্ৰামাঞ্চলৰ পৰিয়াল দক্ষিণ গোৱাৰ।