The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
জালুকবাৰী-আদাবাৰীত প্ৰশাসনৰ অভিযান
এন.এন ব্যুৰো, ১৩ মাৰ্চঃ আজি গুৱাহাটীত পৌৰ নিগম, খাদ্য সুৰক্ষা বিভাগ, স্বাস্থ্য বিভাগ আৰু গুৱাহাটী মহানগৰ প্ৰশাসনৰ সমূহীয়া অভিযানত পদপথত বেআইনীভাৱে চলাই থকা বহুতো ব্যৱসায়িক বিপনিৰ লগতে অনুজ্ঞাপত্ৰ বিহীনভাৱে চলাই থকা বহুকেইখন ব্যৱসায় প্ৰতিষ্ঠানে ভৰিব লগা হ’ল জৰিমনা৷ জালুকবাৰীত দেখা গ’ল জে.বি ৰেষ্টুৰেণ্টৰ ম্যাদ উকলা নথিপত্ৰ লগতে ৰান্ধনীশালৰ কদৰ্য ৰূপ৷ খাদ্য সুৰক্ষা বিভাগৰ আইনক বুঢ়া আঙুলি দেখুৱাই ৰেষ্টুৰেণ্টত প্ৰস্তুত কৰা খাদ্যত নাই কোনো চাফ চিকুণতা৷ একেটা ফ্ৰীজতে ৰাখিছে মাছ, আইচক্ৰীম, বিভিন্ন ধৰণৰ জুচৰ বটল৷ প্ৰশাসনে জনোৱা মতে আজি জালুকবাৰীৰ পৰা আদাবাৰীলৈকে চলা এনে অভিযানৰ অনুৰূপ অভিযান গুৱাহাটী মহানগৰীত থকা প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানতে চলিব।