Assam State Zoo and Botanical Garden here got two zebras on Monday, thanks to Mysore…
জীৱনৰ কঠোৰ অভিজ্ঞতাঃ ‘মৌনতাৰ কোলাহল’
এন.এন ব্যুৰো, ৮ মাৰ্চঃ কটন বিশ্ববিদ্যালয়ৰ এলুমিনি ভৱনত শ্ৰীকল্যাণী প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত জোৱলা বৰাৰ প্ৰথমখন উপন্যাস ‘মৌনতাৰ কোলাহল’ শীৰ্ষক গ্ৰন্থখনিৰ আজি শুভ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱি হোমেন বৰগোহাঞিয়ে। জীৱনৰ ভৰপক বয়সতে দুৰ্ঘটনাৰ মুখামুখি হৈ হুইল চেয়াৰখনকে আশ্ৰয়ৰ সমল হিচাপে লোৱা জোৱলা বৰাই সাহিত্যৰ মাজেৰে যন্ত্ৰণা আৰু জীৱনক জয় কৰাৰ নীৰলস সাধনাত ব্ৰতী হৈছে। জীৱনৰ কঠোৰ অভিজ্ঞতাৰ ভিত্তিত তেওঁৰ এই প্ৰথমখন উপন্যাস ‘মৌনতাৰ কোলাহল’।