skip to Main Content

জীৱন নাটৰ পৰা মহাপ্ৰস্থান চি এম চেঙৰ

নাগালেণ্ডৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন তথা ন্যায় আৰু আইন মন্ত্ৰী চি এম চেঙৰ দেহাৱসান

দীৰ্ঘদিনযোৱা সক্ৰিয় ৰাজনীতি সফলভাৱে পালন কৰা এটি যুগৰ যেন অৱসান ঘটিল। সকলোকে কন্দুৱাই আতৰি গ’ল নাগালেণ্ডৰ পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন তথা ন্যায় আৰু আইন মন্ত্ৰী চি এম চেং । ১৯৪২ চনৰ ১ এপ্ৰিলত নাগালেণ্ডৰ টুৱেনচাঙত জন্মগ্ৰহণ কৰা এই গৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়াই ২০০২ চনত ইচ্ছাকৃতভাৱে অৱসৰ গ্ৰহণ কৰিছিল। ২০০৩,২০০৮,২০১৩ ৰ সাধাৰণ নিৰ্বাচন আৰু ২০০৯ ৰ লোকসভা নিৰ্বাচনত Naga People’s Front দলৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াইছিল।আনহাতে ২০১৮ চনত National Democratic Progressive Party ত যোগদান কৰি ২০১৮ ৰ বিধানসভা নিৰ্বাচনত দ্বিতীয়বাৰৰ বাবে জয়ী হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক গ্ৰহণ কৰা নাগালেণ্ডৰ এই মন্ত্ৰীগৰাকীয়ে মৃত্যুৰ সময়ত পত্নীসহ ৬ জন পুত্ৰ আৰু ৫ গৰাকী জীয়ৰীক এৰি থৈ যায়।

Back To Top