skip to Main Content

জোৱানসকলক বুলেট প্ৰুফ জেকেটৰ অবিহনেই সীমান্তত ছহিদ হ’বলৈ পঠায়ঃৰাহুল গান্ধী

এইয়া কেনেধৰণৰ ন্যায়, যে প্ৰধানমন্ত্ৰী মোডীলৈ ৮৪০০ কোটি টকা ব্যয় কৰি বিমান ব্যৱস্থা কৰিব আৰু দেশৰ জোৱানসকলক বুলেট প্ৰুফ জেকেটৰ অবিহনেই সীমান্তত ছহিদ হ’বলৈ পঠিয়াব।আজি পুনৰ প্ৰধানমন্ত্ৰী মোডীক এইদৰে সমালোচনা কৰিলে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে ৷ গান্ধীয়ে এটা ভিডিঅ’ৰ দ্বাৰা মোডীক উদ্দেশ্যি এই প্ৰশ্নৰ উত্থাপন কৰে ৷

ৰাহুল গান্ধীয়ে এফালে চীন ভাৰতৰ সীমান্ত বিবাদ আৰু আনহাতে দেশৰ জোৱানসকলে লাভ কৰি অহা সুবিধা-অসুবিধাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি আহিছে ৷

ইফালে দুদিন পূৰ্বে ৰাহুল গান্ধীয়ে টুইট কৰিছিল ” প্ৰধানমন্ত্ৰী মোডীয়ে নিজৰ কাৰণে ৮৪০০ কোটি টকাৰ বিমান ক্ৰয় কৰিছে। ইমান টকাৰে লাডাখত থকা সৈনিকসকলৰ কাৰণে গৰম কাপোৰ ৩০,০০,০০০ ,জেকেট ৬০,০০,০০০,জোতা ৬৭,২০,০০০ ,অক্সিজেন চিলিণ্ডাৰ ১৬,৮০,০০০ ক্ৰয় কৰিব পাৰিলেহেঁতেন ৷প্ৰধানমন্ত্ৰী মোডীয়ে কেৱল নিজৰ কথাহে চিন্তা কৰে ৷”

Back To Top