The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
জয়দেৱ বৰুৱাৰ গৃহত এইবোৰ কাৰ টকা
আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ তদন্তত গুৱাহাটীত ওলাল লাখ-লাখ টকাৰ বাণ্ডিল।পি কে দত্তৰ কৰ্মচাৰী জয়দেৱ বৰুৱাৰ আলমাৰিৰ পৰা বাণ্ডিলে বাণ্ডিলে টকা।
আৰক্ষী আৰু চি আই ডিৰ অভিযানত আলমাৰি ভাঙি উলিয়ালে লাখ-লাখ টকা।চানমাৰি আৰক্ষী থানাৰ অন্তৰ্গত নৱগিৰি পথত থকা জয়দেৱ বৰুৱাৰ ভাৰাঘৰৰ পৰা ২৪,৮৮,৩০০ টকা জব্দ কৰা হৈছে।
পি কে দত্তই প্ৰাৰ্থীৰ পৰা এই ধনখিনি সংগ্ৰহ কৰিছিল।পি কে দত্তৰ নিৰ্দেশত বৰুৱাই ধনখিনি লুকুৱাই ৰাখিছিল।আৰক্ষীয়ে ২৬ ছেপ্টেম্বৰত তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰিছিল জয়দেৱ বৰুৱাক।