A woman was found inside a box in Guwahati’s Lalung Gaon on Thursday evening, June…
টকিঅ’লৈ লাভলীনাঃ উত্ফুল্লিত অসমবাসী
এন.এন ব্যুৰো ৯ মাৰ্চঃ অসম কণ্যা লাভলীনা বুঢ়াঁগোহাইৰ অলিম্পিকত প্ৰৱেশে অসমবাসীক আনন্দিত কৰি তুলিছে। উল্লেখ্য যে, আগন্তুক জুলাই মাহৰ পৰা অনুষ্ঠিত হবলগীয়া ২০২০ টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম কণ্যা তথা মহিলা বক্সিং খেলুৱৈ লাভলীনা বুঢ়াঁগোহাইয়ে। উজবেকিস্তানৰ মহিলা বক্সিং খেলুৱৈ মেলিয়েভাক পৰাজিত কৰি এছিয়ান অচেনিয়ান অলিম্পিক কোৱালিফায়াৰ্ছৰ ছেমি ফাইনেললৈ অগ্ৰগতি লাভ কৰাৰ লগতে জাপানৰ টকিঅ চহৰত অনুষ্ঠিত হবলগীয়া ২০২০ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় লাভলীনা বুঢ়াঁগোহাইয়ে। আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা এই সফলতা প্ৰতিভাৱান খেলুৱৈগৰাকীৰ। এই সফলতাৰ পিছতেই লাভলীনাক শুভেচ্ছা জ্ঞাপন কৰে ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে। এতিয়া ২০২০ টকিঅ অলিম্পিকত সমগ্ৰ দেশৰ লগতে অসমবাসী ৰাইজৰ দৃষ্টি থাকিব অসমকণ্যা গৰাকীৰ ওপৰত।