Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান।
যোৰহাটৰ টীয়ক চাহ বাগিচাৰ চিকিৎসক ডাঃ দেবেন দত্তৰ লোমহৰ্ষক হত্যাকাণ্ডৰ আজি ৰায় প্ৰদান কৰিছে যোৰহাট জিলা চেছন আদালতে।
আদালতে হত্যাকাণ্ডত জড়িত এজনক মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ লগতে আন ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে।
যোৱা ১৩ অক্টোবৰত জিলা আৰু সত্ৰ ন্যায়াধীশ ৰেৱতী ফুকনে ২৫ গৰাকী চাহ বাগিচাৰ শ্ৰমিকক ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২/১৪৯, ৩৪২/১৪৯, ৩৫৩/১৪৮, ৩৫৩/১৪৯ৰ অধীনত ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত থকাৰ অপৰাধত দোষী সাবস্ত্য কৰিছিল।
আদালতে দোষী সাবস্ত্য কৰা এই ২৫ জনৰ মাজৰ সঞ্জয় ৰাজুৱাৰক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছে।
আনহাতে আদালতে অন্য ২৪ জন শ্ৰমিক ক্ৰমে সঞ্জীৱ ৰাজুৱাৰ, সুৰেশ ৰাজুৱাৰ, অজয় মাঝি, উপেন্দ্ৰ ভূমিজ, ৰাতুল ৰাজুৱাৰ, বাবলু ৰাজুৱাৰ, অণিল মাঝি, বিজয় ৰাজুৱাৰ, বলীন ৰাজুৱাৰ, দীপক ৰাজুৱাৰ, মিলন ৰাজুৱাৰ, ৰিংকু মাঝি, মিছিলাল মাঝি, শিৱাচৰণ মাহালী, দেবেশ্বৰ ৰাজুৱাৰ, কাৰ্তিক ভূমিজ, সঞ্জয় ৰাজুৱাৰ, কালীচৰণ মাহালী, ৰামেশ্বৰ ভূমিজ, শিৱা মাহালী, ৰাহুল ৰাজুৱাৰ, কালানাগ মাঝি, মনোজ মাঝি আৰু ৰিংকু বক্তিক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে