Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
তামিলনাডুৰ কৃষি মন্ত্ৰী দাৰাইকান্নুৰ মৃত্যু
তামিলনাডুৰ কৃষি মন্ত্ৰী দাৰাইকান্নুৰ শনিবাৰে নিশা চেন্নাইৰ এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। যোৱা ১৩ অক্টোবৰৰ পৰা কৰুনাত আক্ৰান্ত হৈ আছিল মন্ত্ৰী গৰাকী। তামিলনাডুৰ থানজাভুৰ জিলাৰ পাপানাচামত তিনি বাৰ বিধায়ক হৈছিল মন্ত্ৰী গৰাকী। শনিবাৰে তামিলনাডুৰ মুখ্য মন্ত্ৰী ইদাপ্পদী কে পলনীস্বামীয়ে হাস্পতালত সাক্ষাৎ কৰিছিল মন্ত্ৰী গৰাকীক। তামিলনাডুৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতে গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰয়াত মন্ত্ৰী গৰাকীক।