The Final Electoral Roll in respect of 126 Assembly Constituencies of Assam has been published…
তিনিচুকীয়াত দেওবৰীয়া বজাৰৰ আধাৰশিলা স্থাপন: ড’ হিমন্ত বিশ্ব শৰ্মা
অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগ ২০২০-২০২১ ৰ আধাৰত তিনিচুকীয়াত মঙলবাৰে বিত্ত, স্বাস্হ্য আৰু শিক্ষা মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই দেওবৰীয়া বজাৰৰ আধাৰশিলা স্হাপন কৰে।
ড’ শৰ্মাই টুইটযোগে জনায় যে এই প্ৰকল্পৰ বাবে ৫.২৯ কৌটি টকা অনুমোদন দিয়া হৈছে। উক্ত অনুষ্ঠানত কেন্দ্ৰীয় খাদ্য আৰু উদ্যোগিক মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে আন বহুতো ব্যক্তি উপস্হিত থাকে। উল্লেখযোগ্য যে অসম চৰকাৰে অসমৰ ১৭ খন নগৰ উন্নয়নৰ বাবে নগৰ উন্নয়ন আঁচনি প্ৰস্ত্তত কৰিছিল ।