Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
তেজপুৰ বিশ্ববিদ্যালয়ত নগেন শইকীয়াৰ মনোজ্ঞ আলোচনা
বৃহস্পতি বাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত দিনৰ ১১ বজাত গুগল মীটৰ জৰিয়তে ‘বিশেষ বক্তৃতামালা’ অনুষ্ঠানৰ প্ৰথমটো বক্তৃতা অনুষ্ঠিত হয়। এই অনুষ্ঠানত ‘সৌন্দৰ্যতত্ত্ব আৰু সাহিত্য ‘ বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক , চিন্তাবিদ নগেন শইকীয়াই। সৌন্দৰ্য সম্পৰ্কীয় প্ৰাচ্য আৰু পাশ্চাত্য চিন্তাৰ আভাস দিয়াৰ লগতে সাহিত্যৰ সৌন্দৰ্য বিচাৰৰ বিভিন্ন দিশৰ সম্ভেদ দিয়ে নগেন শইকীয়াই। বিভাগীয় প্ৰধান সুব্ৰতজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানটিত অৰ্ধশতাধিক অংশগ্ৰহণকাৰীয়ে অংশ গ্ৰহণ কৰে।