At least 85 people have died of Japanese Encephalitis (JE) in Assam in the last…
দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলঃ চৰকাৰৰ নতুন পদক্ষেপ ঘোষণা
এন.এন ব্যুৰো, ২০ মাৰ্চঃ বিশ্বজুৰি অতিমাৰী ৰুপ লোৱা ক’ৰ’ণা ভাইৰাছৰদ্বাৰা আক্ৰান্ত ৰোগী দিনক দিনে বৃদ্ধি পাইছে। বৰ্তমানলৈ বিশ্বৰ ক’ৰ’ণা ভাইৰাছৰ ৰোগীৰ সংখ্যা ২,৫৪,৬৪২ আৰু মৃত্যুৰ সংখ্যা ১০,৪৪২। ভাৰতত বৰ্তমান ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ২২৩ জনলৈ বৃদ্ধি পাইছেগৈ। ইফালে বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী কণিকা কাপুৰ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। জানিব পৰা মতে, ২৫ মাৰ্চত কণিকা কাপুৰ লণ্ডনৰ পৰা উলতি আহিছিল লক্ষ্ণৌলৈ। আনহাতে অসমতো ক’ৰ’ণা ভাইৰাছকেন্দ্ৰিক দুৰ্ভাৱনা দেখা গৈছে। আজি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’ণা ভাইৰাছকলৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে আৰু জনায় যে কাইলৈৰ পৰা চৰকাৰী কাৰ্যালয়লৈ আহিব ৫০ শতাংশ কৰ্মচাৰী। কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়েও আজি আনুষ্ঠানিকভাৱে কামাখ্যা মন্দিৰ বন্ধৰ ঘোষণা কৰে।