The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
দিল্লী সোণ চোৰাং সৰবাৰাহৰ অনুসন্ধান গুৱাহাটীত
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্হা চমুকৈ NIA ই ৪২.৯ কৌটি দিল্লী সোণ চোৰাং সৰবৰাহ কাণ্ডৰ বাবে গুৱাহাটীৰ চাৰি স্হানৰ লগতে মহাৰাষ্ট্ৰতো অনুসন্ধান অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে অভিযুক্ত ব্যক্তিৰ সৈতে এই স্হান সমূহৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰা হৈছে। অনুসন্ধানৰ সময়ত অভিযোগ থকা কিছু নথি আৰু ইলেকট্ৰনিক সামগ্ৰীও উদ্ধাৰ হৈছে। এইবোৰৰ দ্বাৰা অভিযুক্ত ব্যক্তিয়ে ম্যানমাৰ আৰু নেপাললৈ চোৰাং সৰবৰাহ চলাই থকা বুলি গম পোৱা গৈছে। ইতিমধ্যে ৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে।