Assam State Zoo and Botanical Garden here got two zebras on Monday, thanks to Mysore…
দুমাহৰ অন্তত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ
যোৱা ২৫ আগষ্টত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ কৰুণাত আক্ৰান্ত হোৱাৰ পৰা সম্পূৰ্ণ দুমাহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্হাত থকাৰ পিছত ৰবিবাৰে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে। ইতিমধ্যে ৮৬ বছৰীয়া ৰাজনৈতিক নেতাজনক ঘৰতে চোৱা চিতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এটা চিকিৎসকৰ দল নিয়োগ কৰা হৈছে। চিকিৎসকৰ মতে গগৈৰ ৰক্তচাপ, মধুমেহৰ লগতে আন কেতবোৰ ৰোগ বৰ্তমান স্বাভাবিক অৱস্থাত আছে। বৰ্ত্তমান তেওঁ সম্পূৰ্ণ সুস্হ বুলি চিকিৎসকে প্ৰকাশ কৰিছে।