Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
দুৰ্গা পূজাত আপুনি মানি চলিব লাগিব ক’ভিড প্ৰটকল
ক’ৰোনাকালীন দুৰ্গাপূজাৰ সময়ত মানি চলিব লাগিব ক’ভিড প্ৰট’কল। আজি জনতা ভৱনত সম্বোধন কৰা সংবাদমেলযোগে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্গাপূজাত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সম্পৰ্কে অৱগত কৰে। স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে দুৰ্গাপূজাক লৈ তৈয়াৰ কৰা প্ৰট’কল অনুযায়ী পূজা পতাত কোনো বাধা নাই, কিন্তু জিলা প্ৰশাসনৰ পৰা অনুমতি ল’ব লাগিব।
এইক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া নীতি-নিয়ম অনুযায়ী কমিটীয়ে আবদ্ধ কৰি পেণ্ডেল সাজিব নোৱাৰিব, মুকলি কৰি ৰাখিব লাগিব পেণ্ডেল। প্ৰৱেশ-প্ৰস্থান পথ সুকীয়া হ’ব লাগিব। মাস্ক আৰু হেণ্ড ছেনিটাইজাৰ পূজা মণ্ডপত সোমোৱাৰ সময়ত যাতে সকলোৱে ব্যৱহাৰ কৰে তালৈ পূজা কমিটীয়ে লক্ষ্য কৰিব লাগিব।
পূজা কমিটীৰ সদস্য, স্বেচ্ছাসেৱক, পূজাৰী, যোগালী আদি পূজাৰে জড়িত সকলোৱে পূজা আৰম্ভণিৰ সময়ত অৰ্থাৎ পঞ্চমীৰ দিনাখন ক’ভিড টেষ্ট কৰাটো বাঞ্ছনীয়। লগতে দেৱী বিসৰ্জনৰ দিনাও পুনৰ এবাৰ ক’ভিড পৰীক্ষা কৰিব লাগিব।
নিশা দহ বজাৰ পিছত মণ্ডপ বন্ধ কৰিব লাগিব। আনহাতে পূজাৰ দিনকেইটাত দুগৰাকী পুৰুষে একেলগে বাইকত যাব নোৱাৰিব। মহিলাৰ ক্ষেত্ৰত তেনে বাধা নাই। পূজাত কোনো সাংস্কৃতিক অনুষ্ঠান পাতিব নোৱাৰিব। অৱশ্যে আৰতি কৰিব পাৰিব। ৰেষ্টুৰেণ্ট-দোকান আদি ৯ বজাত বন্ধ কৰিব লাগিব। আনহাতে দেৱী বিসৰ্জনৰ সময়তো বহু লোকৰ সমাগম বৰ্জনীয়।