The All Assam Cab Mazdoor Sangha and All Guwahati Bike Taxi Operator Union together in…
দুৰ্গা পূজা : মহানগৰ আৰক্ষীৰ যান-বাহন নিৰ্দেশনা
সমুখত দুৰ্গাপূজা। দুৰ্গাপূজাক লৈ মহানগৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰে কেতবোৰ নীতি নিৰ্দেশনা। উল্লেখ্য যে, পূজাৰ সময়ত দুগৰাকী লোক উঠিব নোৱাৰিব বাইকত।
যান-যঁটৰ প্ৰতি লক্ষ্য ৰাখি সলনি হ’ব পাৰে মহানগৰীৰ পথ-উপপথসমূহৰ বাহন চলাচলৰ নিয়ম।
AT ৰ’ড পাৰ্কিং ফ্ৰী কৰাৰ লক্ষ্য যান-বাহন শাখাৰ।বেলতলাৰ পৰা জয়ানগৰ পথ ওৱান ৱে কৰা হ’ব।জয়ানগৰ-খানাপাৰা অঞ্চলত পাৰ্কিংৰ ব্যৱস্থা কৰা হ’ব। সাধাৰণ লোকে আদাবাৰীৰ পৰা পাণ্ডু হৈ জালুকবাৰী থানাৰ সন্মুখেৰে ওলাব পাৰিব। সামগ্ৰী কঢ়িওৱা বাহন দিনৰ ১ বজাৰ পৰা ৰাতিপুৱা ৪ বজালৈ বন্ধ থাকিব।
ৰাতিপুৱা ৪ বজাৰ পৰা ৭ বজালৈ সামগ্ৰী কঢ়িওৱা বাহন প্ৰৱেশ কৰিব পাৰিব। পূৰ্বৰ দৰে চলি থাকিব চিটী বাছসমূহ। মাছখোৱাৰ ASTC বাছসমূহ ISBT লৈ যাব লাগিব।
দেবী বিসৰ্জনৰ বাবে মহানগৰীৰ ৩টা স্থান তৈয়াৰ কৰা হৈছে। বিসৰ্জনৰ দিনটোত কাছাৰী মাছখোৱা সংযোগী মূল পথ বন্ধ থাকিব। আনহাতে পথৰ ওপৰত কোনো পূজা অনুষ্ঠিত কৰিব নোৱাৰিব