Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
দুৰ্নীতিৰ সম্ৰাট নীতিশ কুমাৰৰ বাবে জেল হৈছে উচিত স্থান
এই কথা উল্লেখ কৰিছে ৰামবিলাস পাছৱানৰ পুত্ৰ তথা লোকজন শক্তি দলৰ সভাপতি চিৰাগ পাছৱানে৷ বিহাৰত প্ৰথম পৰ্যায়ৰ ভোটদান অহা ২৮ অক্টোবৰত অনুষ্ঠিত হ’ব৷ তাৰ পূৰ্বে চিৰাগ পাছৱানে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰুদ্ধে বৃহৎ আক্ৰমণ সংঘটিত কৰিছে৷ নীতিশ কুমাৰৰ বিৰুদ্ধে দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি কয় ‘মই ভাবো নীতিশ কুমাৰৰ বাবে জেল হৈছে উচিত স্থান৷’ এয়া এই কাৰণে সম্ভৱ যে নীতিশ কুমাৰ ঘোটালাৰ সৈতে জৰিত৷ চিৰাগ পাছৱানক প্ৰশ্ন কৰা হৈছিল যে নীতিশ কুমাৰৰ কাৰ্যকালত ভ্রষ্টচাৰত লিপ্ত থকা লোকৰ বিৰুদ্ধে তদন্ত কৰা হ’ব নে৷ তাৰ উত্তৰ দি চিৰাগ পাছৱানে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক আক্ৰমণ কৰি কয় যে দুৰ্নীতিত জৰিত খোদ নীতিশ কুমাৰ৷ নীতিশ কুমাৰৰ বাবে উচিত ঠাই হৈছে জেল৷ যদি তেওঁ তদন্তত দোষী পোৱা যায় তেন্তে তেওঁক জেলত দিয়া হ’ব৷