Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
দেশজুৰি নৱেম্বৰত বলবৎ হ’ব C(A)A
নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰেই বলবৎ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। অহা ২ নৱেম্বৰৰ ভিতৰত এই আইনৰ বিধি প্ৰস্তুত কৰিব কেন্দ্ৰই। কেন্দ্ৰই প্ৰস্তুত কৰা বিধি শীঘ্ৰেই লোকসভাত চাব-অৰ্ডিনেট লেজিছলেচন কমিটিক দাখিল কৰিব লাগিব। চাব-অৰ্ডিনেট কমিটিয়ে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা বিধি গ্ৰহণ কৰিবনে নাই সেই বিষয়টো আগতীয়াকৈ ক’ব পৰা নাযায়। কিয়নো লোকসভাৰ চাব-অৰ্ডিনেট কমিটিত বিজেপিৰ সংখ্যাগৰিষ্ঠতা নাই। ইপিনে ‘কা’ আইনৰ বিধি প্ৰস্তুত হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা ‘কা’ বিৰোধী গোচৰসমূহক মুকলি কৰা হ’ব। ইতিপূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে ‘কা’ বিৰোধিতা কৰাসকলক কঠোৰতম শাস্তি বিহা হ’ব। এই মুহূৰ্তত চৰকাৰে ‘কা’ বলবৎকৰণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ মূলত আছে পশ্চিমবংগ বিধানসভা নিৰ্বাচন। পশ্চিমবংগত দলৰ ভেঁটি মজবুত কৰাৰ উপৰি নিৰ্বাচনী ৰণত সফলতা লাভৰ আশাৰে নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰেই বলবৎকৰণত অধিক গুৰুত্ব দিছে কেন্দ্ৰই।