Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
দেশত শীঘ্ৰেই বলব হ’ব C(A)A : নাড্ডা
নাগৰিকত্ব সংশোধনী আইন দেশৰ জনসাধাৰণৰ বাবে লাভদায়ক। বিজেপি চৰকাৰ এই আইন বলৱৎ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ।‘- বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই পশ্চিমবংগ ভ্ৰমণকালত এই মন্তব্য প্ৰকাশ কৰিছে। পশ্চিমবংগ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি শিলিগুৰিত উপস্থিত হোৱা ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে বিভিন্ন সামাজিক তথা হিন্দু ধৰ্মীয় সংগঠনৰ সৈতে বৈঠকত মিলিত হয়। এই ভ্ৰমণকালত ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয়- নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰেই বলৱৎ কৰা হ’ব। কৰ’না অতিমাৰীৰ বাবে এই আইন বলৱৎকৰণত পলম হৈছে। এতিয়া পৰিস্থিতি লাহে লাহে স্বাভাৱিক হৈ আহিছে। কেন্দ্ৰীয় চৰকাৰে লাহে লাহে এই বিষয়ত আগবাঢ়ি