Nawab Mukarram Jah Bahadur, the 8th Nizam of Hyderabad and formerly the richest man in…
দেশবাসীয়ে বিনামূলীয়াকৈ লাভ কৰিব কৰোণা ভেকচিন
দেশত কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ৮০ লাখৰ ঘৰ অতিক্ৰম কৰাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক প্ৰত্যেকেই কৰ’নাৰ ভেকচিন লাভ কৰাৰ আশ্বাস প্ৰদান কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৰ’না ভেকচিন তৈয়াৰৰ ক্ষেত্ৰত চৰকাৰে ক্ষিপ্ৰ গতিত আঁচনি তৈয়াৰ কৰিছে । গতিকে দেশৰ প্ৰত্যেকজন ব্যক্তিয়েই কৰ’নাৰ ভেকচিন লাভ কৰিব ।
এটা বিশেষ সাক্ষাৎকাৰত মোদীয়ে কয় যে প্ৰত্যেকজন দেশবাসীৰ কাৰণে কৰ’নাৰ ভেকচিন উপলব্ধ হ’ব ৷ সম্প্ৰতি দেশৰ প্ৰধানমন্ত্ৰীৰ কৰ’নাৰ ভেকচিন প্ৰত্যেকগৰাকী দেশবাসীক দিয়া আশ্বাসে সকলোৰে মাজলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ৷ চৰকাৰে স্বাস্থ্যৰ বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত ভেকচিন বিতৰণ কৰিব ।
অৱশ্যে কৰ’নাৰ ভেকচিনৰ ট্ৰায়েল এতিয়াও সম্পূৰ্ণ হোৱা নাই ৷ বিশেষজ্ঞসকলে কৰ’নাৰ ভেকচিন কেনেদৰে মানৱ শৰীৰত দিয়া হ’ব বা কিমান ড’জ দিব সেয়া নিশ্চিতভাৱে ক’ব পৰা নাই ।