skip to Main Content

দেশৰ সশস্ত্ৰ বাহিনীত ছুপাৰছ’নিক ক্ৰুইজ মিছাইল

  • Tech

ভাৰতে ছুপাৰছ’নিক ক্রুইজ ক্ষেপণাস্ত্র ব্রাহ্মোছৰ সফল পৰীক্ষণ সম্পন্ন কৰে৷ নৌসেনাৰ ডেষ্ট্রয়াৰ আই এন এছ চেন্নাইৰ পৰা কালি এই ক্ষেপণাস্ত্রটোৰ পৰীক্ষা চলোৱা হয়৷ ভাৰতে নিজস্ব প্রযুক্তিৰে নির্মাণ কৰা এই ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্রৰ সফল পৰীক্ষা সম্পন্ন হোৱাৰ লগে লগে দেশৰ সশস্ত্র বাহিনীৰ শক্তিৰ সৈতে এক অনন্য সংযোজন ঘটা বুলি উল্লেখ কৰিছে কেইবাগৰাকীও নিৰাপত্তা বিশেষজ্ঞই৷

প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডি’)ৰ তৰফৰ পৰা এক বিবৃতিত সদৰী কৰা হৈছে যে লক্ষ্যবস্তুত সফলতাৰে এই ক্ষেপণাস্ত্রটোৱে আঘাত কৰিবলৈ সক্ষম হৈছে৷ ডি আৰ ডি অ’ৰ মতে ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্রই আই এন এছ চেন্নাইৰ শক্তি বৃদ্ধি কৰিব৷

এই ডেষ্ট্রয়াৰৰ পৰা ক্ষেপণাস্ত্রটোৰে শত্রুপক্ষৰ বিৰুদ্ধে সকলো যুদ্ধৰ মোকাবিলা কৰা সম্ভৱ হ’ব বুলি বিবৃতিটোত সদৰী কৰা হৈছে৷ ডি আৰ ডি অ’ৰ মতে ব্রাহ্মোছ ছুপাৰছ’নিক ক্ষেপণাস্ত্র শত্রুৰ বিৰুদ্ধে এক মোক্ষম সমৰাস্ত্র হিচাপে ব্যৱহাৰ কৰিব পৰা যাব৷

Back To Top