skip to Main Content

দেশ কঁপোৱা হাথৰাছ গণধৰ্ষণৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত নিজৰ স্থিতি অৱগত কৰিছে।

দেশ কঁপোৱা হাথৰাছ গণধৰ্ষণৰ সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে সৰ্বোচ্চ ন্যায়ালয়ত নিজৰ স্থিতি অৱগত কৰিছে।

উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ মতে হাথৰাছৰ তৰুণী গৰাকী ধৰ্ষণৰ বলি হোৱা নাছিল।

চৰকাৰক বদনাম কৰা আৰু ৰাজ্যত হিংসাত্মক পৰিস্থিতি উদ্ভৱ কৰোৱাৰ উদ্দেশ্যে বিৰোধীয়ে ষড়যন্ত্ৰ কৰি এই অপ্ৰচাৰ চলাইছে। এই অভিমত উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰৰ।

উল্লেখ্য যে হাথৰাছ গণধৰ্ষণ কাণ্ডৰ তদন্তৰ বাবে কেৱল চিবিআইকে নহয়, বিচাৰ বিভাগীয় তদন্তৰ খাতৰিত সৰ্বোচ্চ ন্যায়ালয়ত এখন জনস্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল।

মংলবাৰে উক্ত আবেদনৰ শুনানিৰ অন্তত সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্যাতিতা পৰিয়ালৰ লগতে সাক্ষীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে উত্তৰ প্ৰদেশ চৰকাৰক।

উল্লেখ্য যে যোৱা ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰাছৰ এগৰাকী তৰুণীক চাৰিজন যুৱকে গণধৰ্ষণ কৰি শাৰীৰিকভাৱেও আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে ২ সপ্তাহ ধৰি চিকিৎসালয়ত জীৱন মৰণৰ সৈতে যুঁজ কৰি নিৰ্যাতিতা যুৱতী গৰাকীৰ মৃত্যু ঘটিছিল।

আনকি নিৰ্যাতিতা তৰুণী গৰাকী মৃতদেহটো পৰিয়ালৰ লোকক সৎকাৰ কৰিবলৈ নিদি উত্তৰ প্ৰদেশ চৰকাৰে গোপনে অমানৱীয়তাৰে দাহ কৰিছিল।

এই তথ্য একাংশ সংবাদ মাধ্যমত সম্প্ৰচাৰৰ

Back To Top