Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
দেৱাংগনা কলিতাৰ জামিন বাতিল আবেদন খাৰিজ
দেশৰ উচ্চতম ন্যায়ালয়ে অসম সন্তান দেবাংগনা কলিতাৰ জামিন বাতিল কৰাৰ বাবে কৰা দিল্লী আৰক্ষীৰ এখন আবেদন খাৰিজ কৰিছে।
আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভূষণে মন্তব্য কৰি কয় – “এয়া কেৱল জামিন । তেওঁ পলাই যোৱা নাই । তেওঁ কিদৰে সাক্ষীৰ সৈতে খেলিমেলি কৰিব পাৰিব ? ইমানেই প্ৰভাৱশালী ব্যক্তি নে ? আৰু প্ৰভাৱশালী হোৱাটো জামিন নোপোৱাৰ ভিত্তি হ’ব পাৰে নেকি? আমি এইক্ষেত্ৰত একো হস্তক্ষেপ নকৰোঁ৷”
দেবাংগনা কলিতাক উত্তৰ-পূব দিল্লীত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত জড়িত থকাৰ অপৰাধত ২৬ ফেব্ৰুৱাৰী, ২০২০ত এটা গোচৰত ২৩ মে’ত গ্ৰেপ্তাৰ কৰা হৈছিল । কলিতাৰ ওপৰত বেআইনী ক্রিয়াকলাপ (প্রতিৰোধ) আইন জাপি দিছিল দিল্লী আৰক্ষীয়ে ৷ উক্ত গোচৰত ১ছেপ্টেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে দেবাংগনা কলিতাক জামিন প্ৰদান কৰিছিল ।