Assam Chief Minister Himanta Biswa Sarma while addressing a public meeting in Banamalipur said that…
দৌল গোবিন্দত ফাল্গু উত্সৱ
এন.এন ব্যুৰো, ১০ মাৰ্চঃ ধৰ্মীয় পৰম্পৰা অটুট ৰাখি উত্তৰ গুৱাহাটীৰ মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত উদযাপন হৈছে ৰঙৰ উত্সৱ হোলী। ক’ৰোণা ভাইৰাছৰ আতংকক একাষৰীয়া কৰি প্ৰতিবছৰৰ দৰে এইবাৰো ৰাইজে উলহ-মালহেৰে উদযাপন কৰিছে এই ফাল্গু উত্সৱ। বিভিন্ন ঠাইৰ পৰা অহা ভক্তৰ সমাগমেৰে মুখৰিত হৈ উঠিছে চন্দ্ৰভাৰতী পাহাৰত অৱস্হিত দৌল গোবিন্দ। ঠিক একেদৰেই মহানগৰীতো দ্বিতীয় দিনা পালন কৰা দেখা গল ৰঙৰ উত্সৱ।