
দেৱালীৰ সময়ত দৰং জিলাত শান্তি শৃংখলা তথা পৰিবেশ প্ৰদূষণ ৰোধৰ বাবে দৰঙৰ জিলা দণ্ডাধীশে জাৰি কৰিছে নিষেধাজ্ঞা আৰু ১৪৪ ধাৰা । আতচবাজী ব্যৱহাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰতো আৰোপ কৰা নিষেধাজ্ঞা । নিশা ৮ ৰ পৰা ১০ বজাৰ বাহিৰে আন সময়ত ব্যৱহাৰ কৰিব নোৱাৰিব আতচবাজী। লগতে কভিডৰ সকলো নিয়ম মানি চলাও বাধ্যতামূলক।