Police squads have detained seven suspects, including three foreign nationals, in connection with an illegal…
দৰমহা কম, প্ৰধানমন্ত্ৰী পদ এৰিব বৰিছে
দৰমহাৰ পৰিমাণ পৰ্যাপ্ত নোহোৱা বাবে বহুতেই এটা চাকৰি এৰি আন চাকৰিত যোগ দিয়ে। কিন্তু দৰমহা কম হোৱাৰ বাবেই দেশৰ প্ৰধানমন্ত্ৰীত্ব ত্যাগ কৰাৰ উদাহৰণ হয়তো নাই । এইবাৰ সেই নিদৰ্শন দেখুৱাব পাৰে ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ৷ দৰমহা কম হোৱাৰ বাবেই জনছনে পদত্যাগ কৰাৰ সিদ্ধান্ত প্ৰায় চূড়ান্ত কৰিছে । দেশ সেৱাত নিমজ্জিত হৈ ব্যক্তিগতভাৱে চৰম আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিততে ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনে পদত্যাগৰ কথা চিন্তা কৰিছে ৷
সম্প্ৰতি ঘনিষ্ঠ মহলত জনছনে প্ৰকাশ কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰী হ’লেও তেওঁৰ দৰমহাৰ পৰিমাণ অতি কম ৷ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে তেওঁ এতিয়াৰ দৰমহা ধনতকৈ বহু বেছি টকা উপাৰ্জন কৰিছিল । এতিয়া ইমান কম টকাত তেওঁৰ বাবে সংসাৰ চলোৱাটো কঠিন হৈ পৰিছে ৷ঘনিষ্ঠ মহলত জনছনে পদত্যাগ কৰাৰ কথা চিন্তা চৰ্চা কৰি থকা বুলিও জনাইছে । এটা আন্তৰ্জাতিক সংবাদ মাধ্যমত এই সংক্ৰান্তীয় এক প্ৰতিবেদনো প্ৰকাশ পাইছে ।
জনছনৰ দলৰ এজন সাংসদৰ উদ্ধৃতি দি প্ৰতিবেদনত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীজনে নিজৰ পদত বাহাল থাকিব বিচৰা নাই । কিয়নো ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে তেওঁ বছৰি তিনি লক্ষাধিক পাউণ্ড হেৰুৱাবলগীয়া হৈছে । প্ৰধানমন্ত্ৰীৰূপে জনছনে সম্প্ৰতি দৰমহা লাভ কৰে বছৰি প্ৰায় ডেৰ লক্ষ পাউণ্ড । অথচ প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে তেওঁ এখন বাৰ্তালোচনীত কলম লিখিয়েই বছৰি দুই লাখ ৭৫ হাজাৰ পাউণ্ড উপাৰ্জন কৰিছিল ।
ইয়াৰ উপৰি মাহত দুখনকৈ ছেমিনাৰত বক্তৃতা দিয়াৰ বাবদ তেওঁ আয় কৰিছিল প্ৰায় এক লক্ষ ৬০ হেজাৰ পাউণ্ড । অৰ্থাৎ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত জনছনৰ উপাৰ্জন প্ৰায় দুগুণ হ্ৰাস পাইছে ৷ প্ৰতিবেদনত লগতে কোৱা হৈছে যে ছয় সন্তানৰ পঢ়া শুনা,প্ৰাক্তন পত্নীক ভৰণ পোষণৰ বাবদ জনছনৰ মাহিলি ব্যাপক ধন ব্যয় হয় । সেই বাবেই তেওঁ এনে সিদ্ধান্ত গ্ৰহণৰ বাবে সাজু হৈছে ৷ অৱশ্যে এতিয়াই জনছনে পদত্যাগ নকৰে। ব্ৰেক্সিট সম্পৰ্কীয় সকলো সমস্যাৰ সমাধান আৰু কৰ’না পৰিস্থিতি দূৰ হ’লেই তেওঁ এই বিষয়ত সিদ্ধান্ত চূড়ান্ত কৰিব ।
ইপিনে জনছনৰ পৰিৱৰ্তে ইংলেণ্ডৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰূপে ইতিমধ্যে উচ্চাৰিত হৈছে ভাৰতীয় বংশোদ্ভৱ বিত্তমন্ত্ৰী ঋষি চুনকৰ নাম ৷ তেওঁ দেশখনৰ পৰ্ৰৱৰ্তী প্ৰধানমন্ত্ৰী পদৰ দৌৰত আন প্ৰতিদ্বন্দ্বীসকলৰ তুলনাত বহুখিনি আগবাঢ়ি আছে । আনকি বুকীসকলৰো ফেভাৰিট হৈছে ঋষি।