India's railway ministry has recommended that the country's top detective agency should investigate the deadly…
ধৰ্ষণকাৰীক মৃত্যুদণ্ডৰ পোষকতা কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ
দলবদ্ধ ধর্ষণ হৈছে হত্যাকাণ্ডতকৈ নিকৃষ্ট আৰু জঘন্য অপৰাধ। ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ (ডি) ধাৰাৰ সংশােধন ঘটাই এই অপৰাধৰ শাস্তি মৃত্যুদণ্ড ধার্য কৰা উচিত । এই মত পােষণ কৰিলে কর্ণাটক উচ্চ ন্যায়ালয়ে। নেছনেল ল’ স্কুল অৱ ইণ্ডিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ দলবদ্ধ ধর্ষণৰ গােচৰত সাত অপৰাধীৰ যুৱজ্জীৱন কাৰাদণ্ড বাহাল ৰাখি উচ্চ ন্যায়ালয়ে এই মত প্রকাশ কৰে।
স্বাধীনতা ৭৪ বছৰৰ পাছতাে দেশত মহিলাৰ নিৰাপত্তাৰ পৰিস্থিতিৰ সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি ন্যায়াধীশ ভি ভিৰাপ্পা আৰু কে নটৰাজনৰ বিচাৰপীঠে ভাৰতীয় দণ্ডবিধিৰ সংশােধন ঘটাই দলবদ্ধ ধর্ষণত জড়িত অপৰাধীক মৃত্যুদণ্ড বিহাৰ সপক্ষে মত প্রকাশ কৰে।
উল্লেখ্য যে ২০১৩ চাৰি ছেপ্টেম্বৰত মহীশূৰ আৰু ৰামনগৰ জিলাৰ ৰামু, শিৱান্না, মাড্ডুৰা, এলেইয়াহ, এৰাইয়াহ, ডােড্ডা আৰু ৰাজাক দলবদ্ধ ধর্ষণৰ এক গােচৰত দোষী সাব্যস্ত কৰি বাংগালুৰুৰ নৱম অতিৰিক্ত মহানগৰ দণ্ডাধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছিল।