A criminal has succumbed to his injuries after facing the heat of angry locals at…
নগাঁও আৰক্ষীৰ বৃহৎ সফলতা
এন.এন ব্যুৰো, ৪ মাৰ্চঃ নগাঁও আৰক্ষীৰ বৃহৎ সফলতা। জব্দ হৈছে বহু পৰিমাণৰ নিচা যুক্ত টেবলেট, চিৰিঞ্জ আৰু হুকা। বহু দিনৰ পৰাই আচ্ছাদুল ইছলাম নামৰ এজনে লোকে নিচা যুক্ত টেবলেট, ড্ৰাগছ লবলৈ ব্যৱহাৰ কৰা চিৰিঞ্জ আৰু হুকাৰ ব্যৱসায়ৰ লগতে এইবোৰৰ সৰবৰাহ কৰি আছিল। শেহতীয়াকৈ নগাওঁ আৰক্ষীৰ এক গোপন সূত্ৰৰ ভিত্তিত চহৰখনৰ বৰভেটিৰ পৰা আৰক্ষী বিষয়া সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ নেতৃত্বত টাউন উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ লগত যোৱা এটি আৰক্ষীৰ দলে আচ্ছাদুল ইছলামৰ বাসগৃহত তালাচী চলায়। এই অভিযানত আৰক্ষীয়ে পূৰ্বোল্লেখিত সামগ্ৰীসমূহ জব্দ কৰে। ইতিমধ্যে আৰক্ষীয়ে আচ্ছাদুলক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।