Two people were severely injured after a one-horned rhinoceros attacked them in Mohima Gaon, Golaghat…
নতুন নায়কক প্ৰশংসা বিভাগীয় শীৰ্ষ বিষয়াৰ
এন.এন ব্যুৰো,২৮ ফ্ৰেব্ৰুৱাৰীঃ শাসকীয় দলৰ তিনি জন বিধায়কৰ ৰঙা চকুক ভয় নকৰি নিজৰ কৰ্ম নিয়াৰিকৈ পালন কৰা অসম আৰক্ষীৰ কনিষ্টবল বিষ্ণু বৰা এতিয়া সকলোৰে বাবে “নায়ক”। ন’ পাৰ্কিঙত গাড়ী পাৰ্ক কৰাৰ বাবেই বিধায়ক তেৰছ গোৱালাৰ গাড়ীৰ চকাত হুইল ক্লেম লক লগাই চৰ্চালৈ আহিছিল যান – বাহন আৰক্ষীৰ কনিষ্টবলজন। নিজৰ দায়িত্ব পালন কৰাৰ বাবে আইন শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালক প্ৰধান জি.পি.সিঙে প্ৰশংসা কৰিলে বিষ্ণু বৰাক। নিজৰ টুইটাৰ একাউন্টত বিষ্ণু বৰাৰ সৈতে একেলগে তোলা ফটো আপলোড কৰি চান্দমাৰি আৰক্ষী থানাৰ যান – বাহন আৰক্ষী দলক প্ৰশংসা কৰে জি.পি.সিঙে।