In a tragic incident a student of class 11 was killed in a hit-and-run accident…
নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ টোপ সৰ্বা চৰকাৰৰ
জনজাতিকৰণৰ দাবীত ঐতিহাসিক কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোম জনগোষ্ঠীয়ে বিগত প্ৰায় ২০টা বছৰ ধৰি প্ৰতিবাদ কৰি গৈছে৷ ৰাজপথত কৰি যোৱা এই প্ৰতিবাদক কেন্দ্ৰীয়-ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ লগতে প্ৰতিবাৰে নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীক প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় যদিও নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়৷
পূৰ্বে কংগ্ৰেছ চৰকাৰে ১০ বছৰ বহুবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি এই দাবী পূৰণ নকৰিলে৷ যোৱা দুটাকৈ লোকসভা নিৰ্বাচনত শাসকীয় বিজেপি দলে প্ৰতিশ্ৰুতি প্ৰদান কৰিও ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী পূৰণ নকৰিলে৷ যাৰ ফলত বিজেপিৰ বিৰুদ্ধে নাৰাজ জনগোষ্ঠীৰ লোকসকল৷ অসম ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘ দাবী পুৰণ কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ ইতমিধ্যে ৰাজ্য চৰকাৰে ৬ জনগোষ্ঠীৰ এই দাবী সন্দৰ্ভত আলোচানাৰ্থে মন্ত্ৰীগোট গঠন কৰিছে৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ আজি বৈঠক অনুষ্ঠিত হ’ব।