skip to Main Content

নিৰ্বাচন শেষ হলেই মৰহি যাব নতুন ৰাজনৈতিক দল

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই অসমত নতুনকৈ গঠন হোৱা দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ২০২১ৰ নিৰ্বাচনৰ পিছত ‘খেলা খতম হ’ব’ বুলি মন্তব্য কৰে ।

অতুল বৰাই কয় – ‘তেওঁলোকে এই কেইদিন দপদপাব লাগে এই কেইদিন দপদপাব পাৰিব । ২১ৰ নিৰ্বাচনৰ পিছত তেওঁলোকৰ খেলা খতম । এটা সময়ত আমি লিখিবলৈ চুলেখা চিয়াহী ব্যৱহাৰ কৰিছিলোঁ, চুলেখাৰ ভাল দেখি কিছুমানে সুলেখা উলিয়াই দিলে, কিন্তু সুলেখা নচলিলে । অসমৰ নতুন আঞ্চলিক দলৰ অৱস্থা তেনেকুৱাই হ’ব ৷”

২০২১ৰ অসম বিধানসভা নিৰ্বাচনত কি হ’ব ইয়াৰ বিষয়ে অতুল বৰাই কয় – “যোৱা ৪টা বছৰত ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি লগ হৈ চৰকাৰ গঠন কৰিছোঁ । যোৱা চাৰে চাৰিটা বছৰত এইখন চৰকাৰৰ দিনত স্বাধীনতাৰ পিছত অসম্ভৱ যেন লগা বহু কাম সম্ভৱ হৈ উঠিল৷ অসমৰ ৰাইজে সঠিক সিদ্ধান্ত সঠিক সময়ত ল’ব আৰু ৰাইজৰ সিদ্ধান্তৰ জৰিয়তে চৰকাৰৰ গঠনৰ বাবে যিমান আসন লাগে তাতকৈ বহু বেছি আসন মিত্ৰজোঁটে লাভ কৰিব ।

Back To Top